
বৰপামত বিষ্ণু ৰাভা দিৱস উদযাপন ।
নৃপেন বৰদলৈৰ গ্ৰন্থ উন্মোচন ।
অসম পত্ৰিকা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৩ জুনঃ ” জীৱনৰ যুঁজৰ এক দলিল হ’ল নৃপেন বৰদলৈৰ গ্ৰন্থ খন”- প্ৰতুল ভূঞা
অসম সাহিত্য সভাৰ আশিসধন্য জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধীনস্থ অসম আদৰ্শ বিদ্যালয় বৰপামত দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। ২০ তাৰিখে অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে বিষ্ণু ৰাভাৰ ফটোত বন্তি প্ৰজ্বলন কৰি কৃষ্টি প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। ২১ জুনত অনুষ্ঠিত কৰা মূলসভা আৰু গ্ৰন্থ উন্মোচনী সভাৰ সভাপতিৰ আসন অলংকৃত কৰে সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰসন্ন বৰাই। চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে আঁত ধৰা সভাখনত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাণা প্ৰসাদ হাজৰিকা আৰু বিশিষ্ট নাট্যকাৰ বিৰিঞ্চি বৰদলৈয়ে। অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈৰ গ্ৰন্থ ‘সময়ৰ ছন্দত জীৱনৰ সুৰ’ উন্মোচন কৰে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া প্ৰতুল ভূঞাই। বিশিষ্ট নিবন্ধকাৰ প্ৰতুল ভূঞাই কয় যে, ” গ্ৰন্থখনত লেখকে বাস্তৱিক জীৱনত সন্মুখীন হোৱা ঘাট-প্ৰতিঘাটক অভিজ্ঞতাৰ কলমৰে ৰসাল সুৰীয়া শব্দৰ জৰিয়তে জীপাল কৰি তুলিছে। তিতা সত্য কথাবোৰো সুখপাঠ্য হৈ পৰিছে।” আজিৰ সভাত জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, বৰপাম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰুৱা, বিশিষ্ট সমাজসেৱক প্ৰবীন বৰকটকী, শঙ্কৰদেৱ নামধৰ্ম সমাজৰ জিলাৰ সভাপতি লক্ষ্মীকান্ত শইকীয়া, তৰুণ শইকীয়া, বিশিষ্ট সাহিত্যিক শোভেশ্বৰ ভূঞাই অসম আদৰ্শ বিদ্যালয় বৰপামে শিক্ষাৰ লগতে কৃষ্টি -সংস্কৃতিৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাক ভূয়সী প্ৰশংসা কৰে। সভাৰ শেষত বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে বৰ্ণালী কুৰ্মী আৰু পূৰ্ণিমা বৰমূদৈয়ে।