ৰাজ্য

#প্ৰজ্ঞা ফাউণ্ডেছন ৰ উদ্যোগত বিশ্বনাথ চাৰিআলি মজলীয়া অভ্যসন বিদ্যালয় প্ৰাংগনত অসমৰ হেৰাই যোৱা গীতৰ কৰ্মশালা আৰম্ভ।

অসম পত্ৰিকা . বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১জুলাই -প্ৰজ্ঞা ফাউণ্ডেছন ৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলি মজলীয়া অভ্যসন বিদ্যালয় প্ৰাংগনত অসমৰ হেৰাই যোৱা গীতৰ কৰ্মশালা আৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশ্বনাথৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ সভাপতি বিশিষ্ট নাট্যকাৰ পংকজ জ্যোতি ভূঞা, উপ সভাপতি প্ৰদীপ বৰুৱা, বিশিষ্ট কবি গীতিকাৰ ধ্ৰুৱজ্যোতি ৰাজখোৱা আৰু জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, মহেন্দ্ৰ শৰ্মা আদিয়ে। পংকজ জ্যোতি ভূঞাই আত ধৰা অনুষ্ঠানত পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, ধ্ৰৱজ্যোতি ৰাজখোৱা, প্ৰদীপ বৰুৱা আৰু নিৰঞ্জন হাজৰিকাই হেৰাই যোৱা গীত সমুহ উলিয়াই অনাৰ ক্ষেত্ৰত সকলোকে সহযোগ কৰিবৰ বাবে আহবান জনায়। এই গীত সমূহৰ প্ৰতি নৱ প্ৰজন্মক আগ্ৰহ জন্মাবলৈ বিশেষ কৈ মাতৃ সকলৰ প্ৰতি আহবান জনায়। উল্লেখযোগ্য যে অসমৰ আই নাম, বিয়া নাম, নিচুকনী গীত আদি হেৰাই যাব খোজা গীত সমূহ শিকাৰ বাবে অনুষ্ঠিত কৰা হয় আই বিশেষ প্ৰশিক্ষণৰ। অহা ৭জুলাইত অনুষ্ঠিত হব লগীয়া সামৰণি অনুষ্ঠানত গীত সমূহ সুন্দৰ ভাবে উপস্থাপন কৰা হব বুলি সভাত মন্তব্য কৰে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ বিশ্বনাথ জিলাৰ সম্পাদক ভৰত দাস আৰু সহ সম্পাদিকা নয়নী হাজৰিকাই ।এই অনুষ্ঠানত প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ সভাপতি জিতুল সোণোৱাল আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰো উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে পংকজ জ্যোতি ভূঞাই। আজিৰ অনুষ্ঠানত আলকা নন্দা ৰাজবংশী, অনুৰাধা ভাগৱতী আদি কেইবাগৰাকীও এই পুৰণি গীত মাত সাধু কথা আদি পৰিবেশন কৰি অনুষ্ঠানটি জিপাল কৰি তোলে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button
error: Content is protected !!