ৰাজ্য

গোলাঘাটত কৃতিমান ছাত্ৰ-ছাত্ৰী সকললৈ সম্বৰ্দ্ধনা ৷

 

গোলাঘাট জিলা ঘাটোৱাৰ সমাজৰ উদ্যোগত বাদুলিপাৰ, ৰঙাগড়া, মৰঙি, দেৰগাওঁ, দক্ষিণ হেংৰা , কাজিৰঙা, ঘিলাধাৰী . মেৰাপানী, আৰু সৰুপথাৰ আঞ্চলিক সমিতি আৰু সমুহ শাওঁতালীবাসী ৰাইজৰ সহযোগত কৃতিমান ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে সম্বৰ্দ্ধনা সভা এখন অনুষ্ঠিত হৈ যায় ৷ সভাৰ আৰম্ভণিতে ঘাটোৱাৰ সমাজৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰ পাছতে গোলাঘাট জিলা ঘাটোৱাৰ সমাজৰ সভাপতি প্ৰহ্লাদ ঘাটোৱাৰৰ সভাপতিত্বত মুল সভাখন অনুষ্ঠিত হয় ৷ সভাখনৰ আঁত ধৰে জিলা সম্পাদক চিনোদ ঘাটোৱাৰে ৷ উক্ত সভাতেই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক উদ্দেশ্যি শৈক্ষিক দিশৰ ওপৰত আলোচনা কৰা হয়। গুনগত শিক্ষাৰ পোষকতা কৰাৰ সভাত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় ৷ স্বাৱলম্বী হব পৰা তথা উচ্চ শিক্ষাৰে সুশিক্ষিত হৈ মানৱ কল্যানৰ বাবে কাম কৰাৰ বাবে ছাত্ৰ ছাত্ৰী সকলক বিশেষভাবে আহ্বান জনোৱা হয় ৷ পিছপৰা অনুন্নত সমাজখনক আগবঢ়াব পৰাকৈ কেৱল শিক্ষাৰ দ্বাৰাহে সম্ভৱ বুলি বক্তব্যত উল্লেখ কৰে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা সদৌ অসম ঘাটোৱাৰ সমাজৰ সাধাৰণ সম্পাদক হৰেন ঘাটোৱাৰে ৷ উচ্চ প্ৰশাসনিক সেৱাত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো মতপোষণ কৰে হৰেণ ঘাটোৱাৰে ৷ সভাত ঘাটোৱাৰ সমাজৰ মাজৰে পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ-ছাত্ৰী সকলক মানপত্ৰ আৰু সমাজৰ গামোছাৰে বিশেষভাবে সম্বৰ্দ্ধনা জনাই উৎসাহিত কৰা হয় ৷ গাম্ভীৰ্যপুৰ্ণ সভাত কেন্দ্ৰীয় উপদেষ্টা সুভাষ ঘাটোৱাৰ , গোলাঘাট জিলা ঘাটোৱাৰ সমাজৰ বিষয়ববীয়া ক্ৰমে কমল ঘাটোৱাৰ. মহন ঘাটোৱাৰকে প্ৰমুখ্য কৰি জিলাৰ বিষয়ববীয়া সকলৰ উপৰিও আঞ্চলিক সমিতিৰ তপন ঘাটোৱাৰ , যোগেন ঘাটোৱাৰ , উজ্জ্বল ঘাটোৱাৰ সমাজকৰ্মী সনাতন মাল , বিৰেন গঞ্জুকে ধৰি , বহু কেই গৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত প্ৰায় দুই শতাধিককৈ অধিক লোক উপস্থিত থকা বুলি জানিব পৰা গৈছে ৷

 

প্ৰতিবেদকঃ ৰমেশ চন্দ্ৰ চৰেণ

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!