
★স্পৰ্শকাতৰ সময়★
প্ৰনৱ বুজৰবৰুৱা : নলবাৰী
এতিয়া সময় বৰ স্পৰ্শকাতৰ । ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ বাবেও আৰু ৰাজ্যখনৰ নেতৃত্ববাহী সকলৰ বাবেও । এই সময়খিনি সঠিকভাবে চম্ভালিব জানিলেহে উল্লেখিত পক্ষদুয়োটিয়ে নিজৰ নিজৰ মনৰ আশা পূৰণ বা নিজৰ উদ্দেশ্য সাধনত আগবাঢ়িব পাৰিব বুলি মোৰ অনুভৱ হয় । অন্যথাই দুয়োটা পক্ষই নিৰাশ হোৱাৰ সম্ভাৱনাই অধিক । স্বাধীনতাৰ পিচত ১৯৮৫ ইং চনটো এক বিশেষ চন । জাতীয়তাবাদী সকল আৰু সাধাৰণ লোকৰ বাবে এক বিশেষ সময় । সাধাৰণ জনতাই নিস্কৃতি বা পৰিত্ৰাণ বা এটা বিশেষ পৰিবৰ্তন বিচাৰি মনে বিচৰা সকলক (অগপ)গভীৰ বিশ্বাসেৰে শাসণাধীষ্ঠ কৰিছিল । কিন্তু জাতীয়তাবাদী দলটোৱে ৰাইজৰ মনৰ কথা নুবুজিলে । ফলত আত্মঘাটী হ’ল । ৰাইজৰ চিন্তাধাৰাত আউল লাগিল । সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈ পৰিল । ফলস্বৰূপে পাচবছৰ পিচত পুণৰ পূৰ্বৰ (কংগ্ৰেছ) ঘুৰি আহিল । সাধাৰণ জনতাই গভীৰ আশা বুকুত বান্ধি সময়ৰ মুখলৈ চাই ৰ’ল যদিও লাহেলাহে যেন সময় সলনি নোহোৱাৰহে লক্ষণ দৃষ্টিগোচৰ হবলৈ ধৰিলে । বিশেষকৈ সন্ত্ৰাসবাদ সমস্যা সমাধান কৰিব গৈ হিতে বিপৰীত হ’ল । জাতীয়তাবাদী সকলে পুণৰ টঙালি বান্ধিবলৈ সুযোগ পালে । ৰাইজেও শান্তি বিচাৰি অন্তৰৰ গভীৰ কোঠাত অকণমান হলেও ঠাই অধিকাৰ কৰি থকা জাতীয়তাবাদী দলটোক (অগপ)আকৌ এবাৰ ৰাজপাটত বহুৱালে । সেয়া ১৯৯৬ চনৰ কথা । ৰাইজৰ মনত আশাৰ সঞ্চাৰ হ’ল যদিও সময় আগবঢ়াৰ লগলগে সকলো ফুটুকাৰ ফেনহে হ’ল । সেয়েহে পাচবছৰ পিচত পুণৰ ভাৰতৰ আটাইতকৈ পুৰণি দলটোক (কংগ্ৰেছ)একেৰাহে পোন্ধৰ বছৰ আসনত বহুৱালে । সকলোবোৰ একপ্ৰকাৰ ঠিকেই চলি আছিল যদিও শেষৰফালে দলীয় খোৱাকামোৰা , ক্ষমতাৰ লোভ আৰু দূৰ্নীতিৰে সনাপিটিকা হ’ল । জনতা পুণৰ দিশহাৰা হ’ল । আহি পৰিল ২০১৬ ইং বৰ্ষ । প্ৰচণ্ড আশা আৰু আশাতীত উৎসাহেৰে অসমৰ ৰাজপাটত পোনপ্ৰথমবাৰৰ বাবে ভাজপাৰ নেতৃত্বত গঠন হোৱা সন্মীলিত দলটোক শাসনাধীষ্ঠ কৰিলে । গোটেই ভাৰতবৰ্ষত সেইসময়ত বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে যেন নতুন ভাৰতবৰ্ষ গঢ়াৰ পণ ল’লে । সেই অনুভৱে আমাৰ অসমখনকো বাৰুকৈয়ে চুই গ’ল । ফলস্বৰূপে ২০১৬ বৰ্ষত অসমৰ ইতিহাসত এক নতুন দিগন্তৰ সূচনা হ’ল । দলীয় নীতি আৰু ২০১৬ বৰ্ষৰ চৰকাৰৰ বিশেষকৈ দূৰ্ণীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা আৰু নিকা ভাবমূৰ্তীয়ে অসমৰ মানুহৰ মন জয় কৰিবলৈ সক্ষম হ’ল । সেয়েহে ২০২১ বৰ্ষত জনতাই একেটা দলকে পুণৰবাৰ আসনত বহুৱালে । ঠিকেই চলি আছিল । জনতাৰ মনতো আশা সঞ্চাৰিত হৈ আছিল , কিন্তু যোৱা নটা বছৰৰ তুলনাত শেষৰ বছৰটোত যেন কিবা অলপ খেলিমেলি জনতাৰ দৃষ্টিগোচৰ হোৱাটো পৰিলক্ষিত হ’ল । বিশেষকৈ চোচিয়েল মিডিয়া ,কেইখনমান বাতৰি কাকত , পৰ্টেল চেনেল , কিছু সংখ্যক টিভি চেনেল আৰু কোনো কোনো ৰাজনৈতিক দলৰ কিছু সংখ্যক সদস্যৰ মন্তব্যই কিছুসংখ্যক হলেও সাধাৰণ জনতাৰ মনত আউল লগালে । তেনেধৰণৰ কথাসমুহ কিমান সচাঁ বা কিমান মিছা ,সেয়া আমি বিচাৰ কৰিব নেযাও । কিন্তু তেনে পৰিৱেশ সৃষ্টি হোৱাটো আমাৰ বাবে অতি দূৰ্ভাগ্যজনক । বিজ্ঞসকলে কোৱা শুনিছো ৰাজনৈতিকেই হওঁক কিম্বা অৰাজনৈতিকেই হওঁক কোনো মানুহ চৰ্চ্চা বা সমলোচনাৰ উৰ্দ্ধত নহয় । তেনে অনাহক চৰ্চ্চা বা সমলোচনাক কেনেধৰণে গ্ৰহণ কৰিব বা নকৰিব সেয়া সম্পূৰ্ণ নিজৰ বিচাৰ-বিবেচনাৰ বিষয় । কিন্তু প্ৰত্তুত্বৰ কৰিব গৈ নিজকে অধিক বিতৰ্কৰ মাজলৈ নিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে । কৰ্ম আৰু দায়িত্ব পালনেই মূল অস্ত্ৰ । সেই অস্ত্ৰ চোকা কৰি ৰাখিলে কোনো শত্ৰু বা সমলোচনাই পৰাভূত কৰিব নোৱাৰে । অবশ্যে সেই অস্ত্ৰৰ সঠিক ব্যৱহাৰ নোহোৱাটো জনতাৰ দৃষ্টিগোচৰ হলে পূৰ্বতে হোৱা পৰিৱেশৰ পুণৰাবৃত্তি হোৱাৰ সম্ভাৱনাই প্ৰৱল । মন কৰিলে দেখা যায় , অসমত বিশেষকৈ সাধাৰণ জনতাই সঠিকভাবেই গনতান্ত্ৰিক অধিকাৰ সাবস্ত কৰি আহিছে । প্ৰমান ১৯৮৫ চনৰ পৰা ২০২১ চন । চয়ত্ৰিশটা বছৰত সুসময়ত যেনেকৈ কাৰোবাক আদৰিছে তেনেকৈ কুসময়ত শাসনৰ পৰা ওফৰাই পেলাইছে । এয়া নিশ্বয়কৈ গুৰুত্বপূৰ্ণ আৰু মনকৰিবলগীয়া । একেখিনি মানুহে যেনেদৰে কেতিয়াবা ৰাষ্ট্ৰীয়তাবাদী দলক আদৰিছে ঠিক তেনেদৰে কেতিয়াবা আকৌ আঞ্চলিক দলকো আদৰিছে । আদৰা দলক যেনেদৰে দলিয়াই পেলাইছে তেনেদৰে দলিওৱা দলকো আদৰি লৈছে । অৱশ্যে এতিয়াৰ চৰকাৰৰ ওপৰত সাধাৰণ মানুহৰ বিশ্বাস আৰু আন্তৰিকতা এইপৰ্যন্ত নুই কৰিব পৰা হোৱা নাই যদিও সাৱধানে আগবঢ়াৰ যথেষ্ট প্ৰয়োজনীয়তা আছে । প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি হোৱা নাই যদিও সময় কিন্তু বৰ স্পৰ্শকাতৰ । সেয়েহে শাসনাধীষ্ঠ দলটো সাহসী সংযমী ধৈৰ্যশীল হোৱাৰ লগতে সাধাৰণ জনতাইও নিজৰ বিবেচনা নিজৰ মাজতেই সীমাবদ্ধ ৰখাটো মংগলজনক ।