ৰাজ্য

সাধাৰণ জীৱনেই সুখ-শান্তিৰ মূল

 

কেশৱ কলিতাৰ সমাজচিন্তা

আজিৰ সমাজত মানুহে নিজৰ প্ৰকৃত ৰূপত জীৱন-যাপন কৰাৰ পৰিৱৰ্তে মুখা পিন্ধি সমাজত আগবাঢ়িছে বুলি মত প্ৰকাশ কৰিছে সাংবাদিক তথা সমাজচিন্তক কেশৱ কলিতাই।

 

ফেচবুকত প্ৰকাশ কৰা তেওঁৰ চিন্তাধাৰাত উল্লেখ কৰা হৈছে — মানৱজীৱনৰ সহজ-সাধাৰণ ৰূপ বৰ্তমান এক কঠিন বিষয় হৈ পৰিছে। মানুহে নিজৰ বাস্তৱ জীৱন ঢাকি বিভিন্ন ধৰণৰ “মুখা” পিন্ধি সমাজত চলাফুৰা কৰে। সেই মুখা কেতিয়াবা নেতাৰ ৰূপ, কেতিয়াবা সমাজসেৱকৰ, কেতিয়াবা ব্যৱসায়ীৰ আদি ৰূপত প্ৰতিফলিত হয়।

 

তেওঁৰ মতে, এনে অভিনয়মূলক জীৱনমানৰ অন্তত মানুহৰ অন্তৰত এক প্ৰগাঢ় শূন্যতা জন্মে। কিন্তু স্বাভাৱিক আৰু সাধাৰণ জীৱনহে প্ৰকৃত সুখ আৰু শান্তিৰ পথ প্ৰদৰ্শন কৰে।

 

কলিতাই সমাজৰ সকলো স্তৰৰ মানুহক আহ্বান জনাই কৈছে — মুখা আঁতৰাই সত্য ৰূপত জীৱন-যাপন কৰাটোৱেই ব্যক্তিগত সুখৰ লগতে সমাজ সঁচাকৈ আগবাঢ়ি যাবৰ একমাত্ৰ সঠিক দিশ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button
error: Content is protected !!