ৰাজ্য

সাংবাদিকক ‘সামাজিক ইঞ্জিনিয়াৰ’ বুলি অভিহিত কেশৱ কলিতাৰ প্ৰবন্ধত

 

গুৱাহাটী, ১ ছেপ্তেম্বৰঃ সাংবাদিকৰ সমাজ গঢ়নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মন্তব্য কৰিছে সাংবাদিক কেশৱ কলিতাই। ফেচবুকত প্ৰকাশিত “সাংবাদিক : এজন সামাজিক ইঞ্জিনিয়াৰ” শীৰ্ষক প্ৰবন্ধত তেওঁ সাংবাদিকক সমাজৰ দিশা নিৰ্দেশক হিচাপে বৰ্ণনা কৰিছে।

 

আমেৰিকান আইন দাৰ্শনিক ৰস্কো পাউণ্ডৰ ‘সামাজিক ইঞ্জিনিয়াৰিং’ শব্দ উদ্ধৃতি কৰি কলিতাই কৈছে, যিদৰে আইনে সমাজৰ বিভাজনক সমন্বয় কৰি এক সুষ্ঠ সমাজ প্ৰস্তুত কৰে, ঠিক তেনেদৰে সাংবাদিকও সমাজৰ সমস্যাবোৰ উন্মোচন কৰি ন্যায় প্ৰতিষ্ঠা আৰু সচেতনতা বৃদ্ধি কৰে।

 

প্ৰবন্ধটোত সাংবাদিকৰ মুখ্য ভূমিকা হিচাপে কলিতাই চাৰি দিশ চিহ্নিত কৰিছে—

 

1. সত্যৰ উন্মোচক,

2. জনমত গঠনকাৰী,

3. শৃংখলা প্ৰতিষ্ঠা কৰ্তা, আৰু

4. চেতনা নিৰ্মাতা।

 

তেওঁ উল্লেখ কৰিছে, শিক্ষা, স্বাস্থ্য, পৰিৱেশ আদি ক্ষেত্ৰত সংবাদমাধ্যমে জ্ঞান বিস্তাৰ কৰি সমাজৰ সজাগতা বৃদ্ধি কৰে। অন্যায় আৰু দুৰ্ব্যৱহাৰৰ বিৰুদ্ধেও সংবাদমাধ্যমে ন্যায় প্ৰতিষ্ঠাৰ দিশে সহায় কৰে।

 

উপসংহাৰত কলিতাই স্পষ্টকৈ কৈছে— “আইনৰ দৰে সাংবাদিকেও সমাজ গঠন কৰে। সেয়ে নিঃসন্দেহে সাংবাদিক এজন সামাজিক ইঞ্জিনিয়াৰ।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button
error: Content is protected !!