শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পূৱ নলবাৰী আঞ্চলিক শাখাৰ অনুসন্ধান আৰু মীমাংসা সমিতি গঠন।
পূৱ নলবাৰী, ৪৫জানুৱাৰী,
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পূৱ নলবাৰী আঞ্চলিক শাখাৰ উদ্যোগত অনুসন্ধান আৰু মীমাংসা সমিতি গঠন কৰা হৈছে। প্ৰাথমিক শাখা সমূহ কেনে পৰ্যায়ত আছে তাৰ ওপৰত এক বিস্তৃত আলোচনা কৰাৰ অন্তত এক জটিল সন্ধিক্ষণত আঞ্চলিকৰ সহকাৰী সম্পাদক কেশৱ কলিতাই সদনক এক প্ৰস্তাৱ আগবঢ়ায়। কলিতাই আঞ্চলিকৰ এখন অনুসন্ধান আৰু মীমাংসা সমিতি গঠন কৰি প্ৰাথমিক শাখাৰ আসোঁৱাহ সমূহ আতৰ কৰাৰ মত প্ৰকাশ কৰে। পৈচাৰা প্ৰাথমিক শাখাৰ নামঘৰত আজি অনুষ্ঠিত বাৰ্ষিক প্ৰতিনিধি সভাত এই প্ৰস্তাৱক ভকত সমাজে বিবেচনা কৰি এখন সমিতি গঠন কৰে। আজিৰ সভাত জিলা সমিতিৰ পৰা প্ৰেৰণ কৰা পৰ্যবেক্ষক প্ৰণৱ কুমাৰ বৰ্মন বাপ গৰাকী উপস্থিত থাকে। সভা উদ্ধোধন কৰে গংগাধৰ তালুকদাৰ বাপ গৰাকীয়ে। সভাত সভাপতিত্ব কৰে কাৰ্যকৰী সভাপতি ভগবান কলিতা বাপ গৰাকীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কাৰ্তিক মল্ল বৰুৱা বাপ গৰাকীয়ে।







