বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান

বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান

অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সহযোগত অন্যান্য পিছপৰা শ্ৰেণী/অতি অন্যান্য পিছপৰা শ্ৰেণী জাতি(OBC/MOBC)ৰ তালিকাৰ পৰা বাদ পৰি থকা অসমৰ চাহ শ্ৰমিক/প্ৰাক্তন চাহ শ্ৰমিক সম্প্ৰদায়(TGL/Ex TGL)ৰ ৩৮টা সম্প্ৰদায়ে অসম পিছপৰা শ্ৰেণী আয়োগক অন্তৰ্ভুক্তিকৰণৰ বাবে আবেদন সহ জিলা ভিত্তিত প্ৰফাইল‌ সমূহ জমা দিছিল। সেই মৰ্মে আয়োগে আবেদনকাৰী সম্প্ৰদায় সমূহৰ জিলা প্ৰফাইল সমূহ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে তদন্তৰ প্ৰতিবেদন -টোকা যুগুত কৰি প্ৰেৰণৰ সময়সীমা বিগত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহ দিছিল যদিও আজি পৰ্যন্ত অসমৰ কোনো এখন জিলাত হৈ নুঠিল।সেয়েহে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ‌‌ প্ৰস্তাৱ মৰ্মে আৰু জিলা সমিতিৰ উদ্যোগত প্ৰতিখন জিলাই জিলাই জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, বিশ্বনাথ জিলা সমিতিয়েও অন্যান্য পিছপৰা শ্ৰেণী/অতি অন্যান্য পিছপৰা শ্ৰেণী জাতি(OBC/MOBC)ৰ তালিকাৰ পৰা বাদ পৰা বিশ্বনাথ জিলাৰ ক্ৰমে বাক্তি, ভূঁইহৰ, ফুলমালি, গঞ্জু, হাজাম, কষ্টা, পাইক, পাতৰ, পুৰাণ, ৰাজপুত, টংলা, উজিৰ, ভৈনা, হো আদি সৰ্বমুঠ ১৪টা সম্প্ৰদায়ৰ হৈ সম্প্ৰদায়ৰ-সংগঠন সমূহৰ প্ৰতিনিধিৰ উপস্থিতিত বিশ্বনাথ জিলা আয়ুক্ত মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰে। আজিৰ এই স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচীত বিশ্বনাথ জিলাৰ‌ অন্তৰ্গত সম্প্ৰদায়ৰ-সংগঠন সমূহৰ শতাধিক ৰাইজ-মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰে বুলি মহাসভাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক সাগৰ খণ্ডাইতে জনাইছে। আনহাতেদি মহাসভাৰ বিশ্বনাথ জিলাৰ সভাপতি সুচিত্ৰ পাইক,‌ সহকাৰী সম্পাদক কৃষ্ণ পাতৰে অংশগ্ৰহণকাৰী সম্প্ৰদায়ৰ-সংগঠন সমূহৰ প্ৰতিনিধিক উদ্দেশ্যি পৰৱৰ্তী কৰণীয় সমূহ বক্তব্য দিয়ে লগতে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

 

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Assam Patrika ne

৯ জানুৱাৰী

  • Related Posts

    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কঞাঁ ৰাজহচক্ৰৰ উদ্যোগত বানবিধস্ত ৰাইজক উদ্ধাৰৰ প্ৰদৰ্শন মূলক অভিযান৷

    অসম পত্ৰিকা বিশেষ: ১৯ জানুৱাৰী : অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ দ্বাৰা আৰু কামৰূপ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সৌজন্যত আজি বাহাৰঘাটৰ বৰলীয়া নৈৰ পাৰত বানবিধস্ত ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব লাগে…

    Continue reading
    বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

    বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি   অসম পত্ৰিকা বিশেষ:  পূৱ নলবাৰী, ১২ জানুৱাৰী বৃহত্তৰ পূৱ নলবাৰী অঞ্চলৰ বাৰঘৰীয়া বাৰগোপাল থানৰ ১২৬ সংখ্যক ভোগালী মহোৎসৱখনি অহা ১৪, ১৫…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!