বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

 

অসম পত্ৰিকা বিশেষ:  পূৱ নলবাৰী, ১২ জানুৱাৰী

বৃহত্তৰ পূৱ নলবাৰী অঞ্চলৰ বাৰঘৰীয়া বাৰগোপাল থানৰ ১২৬ সংখ্যক ভোগালী মহোৎসৱখনি অহা ১৪, ১৫ আৰু ১৬ জানুৱাৰীত তিনিদিনীয়াকৈ পালন কৰাৰ প্ৰস্ততি চলাইছে। জনশ্ৰুতি অনুসৰি এই থানখনত ভক্তই সেৱা ললে নিজৰ মনৰ কামনা পূৰণ হয়। সম্প্ৰতি থানখন সমগ্ৰ অসমতে এক চৰ্চাৰ বিষয় হৈ পৰাত থানখনৰ মহোৎসৱলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে আহি ভিৰ কৰেহি। মহোৎসৱৰ কেইদিন ভক্তপ্ৰাণ ৰাইজে থানখনত ভিৰ কৰাৰ বাবে বিৰ দি বাট নোপোৱা এক পৰিবেশৰ সৃষ্টি হয়। দোকান-পোহাৰ আদি চাৰিওফালে মানুহৰ ভিৰে ঠাইখিনিক মহোৎসৱৰ কেইদিন এক পৰ্যটনস্থলীলৈ পৰিণত কৰে। এইবেলিও উদযাপন সমিতিয়ে তিনিওটাদিনতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰিছে। প্ৰথম দিনা মূখ্যদ্বাৰ মুকলি তথা মহোৎসৱৰ শুভাৰম্ভ কৰাৰ পিছত বন্তি প্ৰজ্বলন, মেজি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু মাল্যাৰ্পণ কৰা হ’ব। ইয়াৰ পিছত ভোগালী মহোৎসৱৰ আনুষ্ঠানিক সভা উদ্বোধন কৰা হ’ব। পিছত অসমৰ বহুকেইজন শিল্পীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। ইয়াৰ পিছত শিৱ মন্দিৰৰ বন্তি প্ৰজ্বলন, আতচবাজি শুভ উদ্ধোধন কৰা হ’ব। পিছত স্থায়ী মঞ্চ উদ্ধোধন, থিয়নাম প্ৰদৰ্শন, নাগাৰা নাম পৰিবেশন কৰা হ’ব। সন্ধিয়াৰ ভাগত বিভিন্ন অনুষ্ঠানৰ লগতে পিছৰ দুটা দিনত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

  • Related Posts

    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কঞাঁ ৰাজহচক্ৰৰ উদ্যোগত বানবিধস্ত ৰাইজক উদ্ধাৰৰ প্ৰদৰ্শন মূলক অভিযান৷

    অসম পত্ৰিকা বিশেষ: ১৯ জানুৱাৰী : অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ দ্বাৰা আৰু কামৰূপ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সৌজন্যত আজি বাহাৰঘাটৰ বৰলীয়া নৈৰ পাৰত বানবিধস্ত ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব লাগে…

    Continue reading
    বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান

    বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সহযোগত অন্যান্য পিছপৰা শ্ৰেণী/অতি অন্যান্য পিছপৰা শ্ৰেণী জাতি(OBC/MOBC)ৰ তালিকাৰ পৰা বাদ পৰি থকা অসমৰ চাহ…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!