ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷
অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছ৷ইফালে আকৰ্ষনীয় হৈ পৰিছে ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক কুচকাৱাজ৷
প্ৰতিটো ৰাজনৈতিক দলৰে চলিছে প্ৰাক নিৰ্বাচনী প্ৰচাৰ অভিযান৷কংগ্ৰেছ আৰু শাসকীয় বিজেপিৰ কেইবাজনো নেতাই নিজৰ প্ৰাৰ্থীত্বৰ বাবে ৰাইজৰ মাজত চলাইছে ব্যাপক প্ৰচাৰ৷ইয়াৰ মাজতে শাসকীয় বিজেপিৰ যুৱনেতা নিবাৰণ লহকৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷বৰ্তমান বিজেপি ৰাজ্যিক কিষানমৰ্চাৰ উপসভাপতি পদত অধীস্থিত হৈ থকা লহকৰ সমষ্টিটোৰ অন্তৰ্গত পশ্চিম বড়িগোগ মৌজাৰ বৰপূল্লাৰ বাসিন্দা৷গাওঁখনৰ এসময়ৰ বিশিষ্ট সমাজসেৱক,মুক্তিযোদ্ধা প্ৰয়াত চানাৰাম লহকৰৰ নাতি নিবাৰণ লহকৰ ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কামকাজত জৰিত৷বিশেষকৈ ভাৰতীয় স্কাউট এণ্ড গাইটৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আৰ্তজনৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াইছি৷ইয়াৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় কাৰ্য্যকৰ্তা হিচাবে দলীয় কামকাজ কৰি দলৰ শীৰ্ষ নেতৃত্বৰ আপোন হৈ পৰিছে৷বিগত বিধানসভা , লোকসভা আৰু গাওঁ পঞ্চায়ত নিৰ্বাচনত যথেষ্ট ত্যাগ স্বীকাৰ কৰি দলীয় প্ৰাৰ্থীক জয়ী কৰাত সহায় কৰিছিল নিবাৰণ লহকৰে৷লহকৰে দলৰ হৈ কৰা কামকাজত সন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা৷ইমানে নহয় মুখ্যমন্ত্ৰীৰ আপোন হৈ পৰিছে লহকৰ৷তদুপৰি ৰঙিয়া সমষ্টিৰ অলিয়েগলিয়ে ৰাইজৰ মাজত নিজৰ যোগ্যতাৰ প্ৰমান স্পষ্ট কৰিছে লহকৰে৷লহকৰৰ জনপ্ৰিয়তাত বৰ্তমানৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতাও আচৰ্য্য প্ৰকাশ কৰিছে৷আনহাতে নিবাৰণ লহকৰ বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰো অতিপাত প্ৰিয় যুৱনেতা৷ইয়াৰোপৰি নিবাৰণ লহকৰৰ ঘৰ আৰু সভাপতি দিলীপ শইকীয়াৰ ঘৰ ওচৰাওচৰি৷বৰলীয়া নৈখনৰ ইপাৰসিপাৰ দুয়োগৰাকী নেতাৰ ঘৰ৷শৈশৱৰ পৰা দুয়োজনৰ মাজত আছে মধুৰ সম্পৰ্ক৷সেয়েহে আগন্তুক বিধানসভাৰ নিৰ্বাচনত সন্মানীয় ৰঙিয়া সমষ্টিত নিবাৰণ লহকৰে প্ৰাৰ্থীত্ব পোৱাৰ সম্ভাৱনা বহুত বেচি৷ইয়াকে লৈ লহকৰৰ অনুগামী সকলে তেওঁৰ প্ৰাৰ্থীত্ব পোৱাটো একপ্ৰকাৰ প্ৰচাৰ চলাই আছে ।







