পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপ

যাতায়তত চৰম হাৰাশাস্তি কঞাঁ ৰাজহচক্ৰ সংযোগী পথত ।

অসম পত্ৰিকা বিশেষ: ১৮ মাৰ্চ

পূৰ্বৰ হাজো আৰু বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ দক্ষিণ দিশৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত কঞাঁ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰে যোৱা লোকনিৰ্মাণ বিভাগৰ পথটো আজি বৰষুণৰ পানীত ডুব যোৱাত ৰাইজক শংকিত কৰি তুলিছে । পানীৰ ফলত বৰ্তমান উক্ত পথটোৰে যাতায়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লাগীয়া হৈছে পথচাৰী । এনেকৈ বাৰে এজাক বৰষুণ দিলে বানপানীত ডুব যায় উক্ত পথটো । উক্ত পথৰ কাষতে কঞাঁ ৰাজহচক্ৰৰ কাৰ্যালয় , কঞাঁ আৰক্ষী থানা অৱস্থিত। তদুপৰি পথটোৰ এটা অংশ কঞাঁ চকত সংলগ্ন হোৱাৰ লগতে আন এটা অংশ ধুহি – বালিসত্ৰ হৈ ৰঙিয়া সংযোগ কৰিছে । আনহাতে, অন্যা এটা অংশ বাৰাংহাটী চকীৰবড়ী চকত সংযুক্ত হৈছে । অতি গুৰুত্বপূৰ্ণ উক্ত পথেৰে দৈনিক শতাধিক যান-বাহনৰ উপৰি সহস্ৰাধিক পথচাৰী অহা-যোৱা কৰে । মৌজাখনৰ মহকুমা সদৰত সংযোগ কৰা একমাত্ৰ পথ এইটো । তথাপিও লোকনিৰ্মাণ বিভাগ তথা জনপ্ৰতিনিধিৰ পথটোৰ দুৰৱস্থা কিয় চকুত পৰা নাই সেইটোহে চিন্তনীয় বিষয় । ভূক্তভোগী ৰাইজে এইক্ষেত্ৰত আক্ষেপ প্ৰকাশ কৰি কয় যে ৰাইজৰ দূখ-দূৰ্গতিৰ বিষয়ে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সময় নাই। তেওঁলোকে কেৱল কাৰ্যালয় চৌহদতে আৱদ্ধ থাকি ঠিকাদাৰৰ হতুৱাই সকলো উন্নয়নৰ কাম কাজ কৰি দায়িত্ব সামৰে । সেয়েহে ভুক্তভোগী অঞ্চলটোৰ ৰাইজ তথা দল সংগঠনে বিধস্ত পথটোসমূহ পৰ্যবেক্ষণ কৰি মেৰামতি কৰাৰ বাবে লোকনিৰ্মাণ বিভাগক দাবী জনাইছে ।

  • Related Posts

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক । অসম পত্ৰিকা বিশেষ:ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস : ১৯ জানুৱাৰী :-কোকৰাঝাৰৰ কাৰিগাঁওৰ গৌৰিনগৰত আজি নিশা ৭:৩০ মান বজাত সংঘটিত হোৱা…

    Continue reading
    পছৰীয়াৰ দিবাকৰ কলিতাৰ ঘৰত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা ,অসমৰ সভাপতি অভিষেক ৰাজ কলিতা , কলিতা যুৱ সন্মিলনৰ সভাপতি ভাস্কৰ জ্যোতি ডেকা আৰু উপ সভাপতি ৰঞ্জিত কলিতা ।

    পছৰীয়াৰ দিবাকৰ কলিতাৰ ঘৰত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা ,অসমৰ সভাপতি অভিষেক ৰাজ কলিতা , কলিতা যুৱ সন্মিলনৰ সভাপতি ভাস্কৰ জ্যোতি ডেকা আৰু উপ সভাপতি ৰঞ্জিত কলিতা ।   কিমান…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!