গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুত

অসম পত্ৰিকা বিশেষ: ১৮ মাৰ্চ

পশ্চিম বড়িগোেগ মৌজাৰ গৰমচুং পূবপাৰ (ডিঙাৰা) ১৯৫৪ তে প্রতিষ্ঠা লাভ কৰা গৰমচুং সার্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ এইবেলি অহা ২৪ৰ পৰা ২৮ মার্চলৈ উদযাপনৰ প্ৰস্তুতি চলাইছে। কাৰ্যসূচী অনুযায়ী ২৪ মাৰ্চৰ পুৱাই স্বচ্ছ অভিযান, ধর্মীয় পতাকা উত্তোলনৰ লগতে ক্রমাগতভাৱে বিগত বছৰকেইটাৰ ধৰ্মীয় পতাকা উত্তোলন, বৃক্ষৰোপণ, ডিঙাৰা সেউজ পথাৰত খেল-ধেমালি প্রতিযোগিতা, সন্ধিয়া স্মৃতি তর্পণ, প্রয়াত শিল্পী জুবিন গাৰ্গ, বাঁহীবাদক দীপক শৰ্মা আৰু নাগাৰা নামৰ পাঠক ৰামচৰণ ভৰালীলৈ শ্রদ্ধাঞ্জলি, নিশা দ্বাৰ উন্মোচন, প্রতিমা স্থাপন, বন্তি প্রজ্বলন, আতচবাজী প্রজ্বলন, নাগাৰানাম প্ৰদৰ্শন, দেৱীৰ বিল্ববোধন, আমন্ত্রণ, অধিবাস ষষ্ঠী বিহিত পূজা। ২৫ মাৰ্চৰ পুৱা স্বচ্ছ-অভিযান, বৃক্ষৰোপণ, বন্দনা অনুষ্ঠান, আয়তীৰ দ্বাৰ পানীটোলা, আয়তীৰ নাম প্ৰসংগ, আবেলি ওজাপালি, সন্ধিয়া বন্তি প্রজ্বলন, নিশা আৰতি, নাগাৰা নাম প্ৰদৰ্শন, আতচবাজী ২৬ মাৰ্চৰ পুৱা বন্দনা অনুষ্ঠান, বৃক্ষৰোপণ, আয়তীৰ দিহানাম প্রতিযোগিতা, প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ প্ৰয়াত শান্তৰাম হুজুৰীৰ সোঁৱৰণত নগদ চাৰি হেজাৰ এক টকা আৰু দ্বিতীয় পুৰস্কাৰ প্রয়াত অকন ভূঞাৰ সোঁৱৰণত নগদ তিনি হেজাৰ এক টকা প্রদান কৰিব, ভর্তি মাচুল নগদ দুইশ টকা। দুপৰীয়া ভোগ বিতৰণ, আবেলি ওজাপালি, সন্ধিয়া বন্তি প্রজ্বলন, নিশা আৰতি, আতচবাজী, নাগাৰানাম প্রদর্শন। ২৭ মাৰ্চৰ পুৱা পূৰ্বাহৃৰ ভিতৰতক নৱমী বিহিত পূজা হোমাদি কর্ম সমাপন, স্বচ্ছ অভিযান, বন্দনা অনুষ্ঠান, বৃক্ষৰোপণ, আয়তীৰ নাম, ৰূপৰীয়া ভোগ বিতৰণ, আবেলি শুভেচ্ছামূলক সম্বর্ধনা, ওজাপালি, সন্ধিয়া বস্তি প্রজ্বলন, নিশা আৰতি, আতচরাজী, মঞ্চ উদ্বোধন, আধুনিক নৃত্য প্রতিযোগিতা, প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ প্ৰয়াত দণ্ডিৰাম কলিতা আৰু চণ্ডিকা কলিতাৰ সোঁৱৰণত নগদ পাঁচ হেজাৰ টকা, দ্বিতীয় পুৰস্কাৰ প্ৰয়াত অৱনীমোহন কলিতাৰ সোঁৱৰণত নগদ তিনি হেজাৰ এক টকা আৰু তৃতীয় পুৰস্কাৰৰূপে প্রয়াত ভবেন কলিতাৰ সোঁৱৰণত নগদ দুই হেজাৰ এত টকা প্রদান কৰিব, প্রতিযোগিতাৰ ভৰ্তি মাচুল নগদ দুশ টকা। প্রতিযোগিতাৰ অন্তত সাংস্কৃতিক এনিশা। ২৮ মার্চ পুৱা অপৰাজিতা পূজা, পুষ্পাঞ্জলি, দুপৰীয়া বলয় ধাৰণ, প্রীতি ভোজন, আবেলি প্রতিমা বিসর্জন। ইতিমধ্যে ভবেশ কলিতাক্ষ সভাপতি, জ্যোতিষ কলিতাক কাৰ্যকৰী সভাপতি, নিপন ভূঞা, গকুল গোস্বামী, ৰহিন্দ্ৰ ভূঞা, দিলীপ কলিতা, কমলেশ্বৰ কলিতা, হৰি শৰ্মাক উপ-সভাপতি, ধ্রুর কলিতাক মুখ্য সম্পাদক, অৱনী কলিতা, বিশ্বজিৎ কলিতর্কি সম্পাদক, ধনজ্যোতি কলিতা, পৰেশ কলিতা, কুলেন্দ্র কলিতা, যতীন কলিতা, বিদ্যুৎ কলিতাক সহকাৰী সম্পাদকৰূপে লৈ এখন পূজা পৰিচালনা সমিতি গঠন কৰিছে।

  • Related Posts

    শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পূৱ নলবাৰী আঞ্চলিক শাখাৰ অনুসন্ধান আৰু মীমাংসা সমিতি গঠন।

    শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পূৱ নলবাৰী আঞ্চলিক শাখাৰ অনুসন্ধান আৰু মীমাংসা সমিতি গঠন।   পূৱ নলবাৰী, ৪৫জানুৱাৰী, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পূৱ নলবাৰী আঞ্চলিক শাখাৰ উদ্যোগত অনুসন্ধান আৰু মীমাংসা সমিতি গঠন কৰা…

    Continue reading

      বৰপামত বিষ্ণু ৰাভা দিৱস উদযাপন । নৃপেন বৰদলৈৰ গ্ৰন্থ উন্মোচন ।   অসম পত্ৰিকা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৩ জুনঃ ” জীৱনৰ যুঁজৰ এক দলিল হ’ল…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!