Ahmedabad Plane Crash : ১১ বছৰ পুৰণি হোৱাৰ বাবেই বিজুতি ঘটিল নেকি দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ? আহমেদাবাদৰ দুৰ্ঘটনাটোৱে পুনৰ চৰ্চালৈ আহিছে এয়াৰ ইণ্ডিয়াক

আহমেদাবাদৰ দুৰ্ঘটনাই এয়াৰ ইণ্ডিয়াক পুনৰ এবাৰ চৰ্চালৈ আনিছে। আহমেদাবাদৰ দুৰ্ঘটনাৰ পূৰ্বে এয়াৰ ইণ্ডিয়াৰ কাৰ্যক্ষম হৈ থকা ১৮৮খন বিমানৰ ভিতৰত ৪৩খন ১৫ বছৰতকৈ অধিক পুৰণি

১১ বছৰ পুৰণি হোৱাৰ বাবেই বিজুতি ঘটিল নেকি দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ? তাক লৈ চলিছে চৰ্চা। ভাৰতত চলি থকা প্ৰায় ৩০% যাত্ৰীবাহী বিমানেই এয়াৰ ইণ্ডিয়াৰ। কিন্তু অপাৰেটৰটোৱে আটাইতকৈ পুৰণি বিমানসমূহো ব্যৱহাৰ কৰে। চৰকাৰী তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়াৰ ৭০খন বিমান এদশকৰো অধিক পুৰণি। আহমেদাবাদৰ দুৰ্ঘটনাই এয়াৰ ইণ্ডিয়াক পুনৰ এবাৰ চৰ্চালৈ আনিছে। আহমেদাবাদৰ দুৰ্ঘটনাৰ পূৰ্বে এয়াৰ ইণ্ডিয়াৰ কাৰ্যক্ষম হৈ থকা ১৮৮খন বিমানৰ ভিতৰত ৪৩খন ১৫ বছৰতকৈ অধিক পুৰণি।

আনহাতে, ২৭খন বিমান ১০ৰ পৰা ১৫ বছৰ পুৰণি। এয়া হৈছে বিগত মাৰ্চ মাহত সংসদত দাখিল কৰা চৰকাৰী তথ্য। মুঠ ৫৯খন এয়াৰ ইণ্ডিয়াৰ বিমানৰ বয়স ৫ৰ পৰা ১০ বছৰৰ ভিতৰত। আনহাতে, ৬৯খন পাঁচ বছৰৰো কম বয়সৰ। অৰ্থাৎ, এয়াৰ ইণ্ডিয়াৰ ৩৭% বিমানেই ১০ বছৰৰ অধিক পুৰণি। বৃহস্পতিবাৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনো আছিল ১১ বছৰ পুৰণি। মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে সংসদত জনাইছিল যে ইণ্ডিগ’ই সৰ্বাধিক ৩১৯ বিমান চলাইছিল। আনহাতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেডে ১০১ বিমান চলাইছিল। অৱশ্যে ইণ্ডিগ’ৰ বিমান এয়াৰ ইণ্ডিয়াতকৈ নতুন।

কিয়নো ইয়াৰ ২৮৩খন বিমান ৫ বছৰৰো কম পুৰণি, আনহাতে মাত্ৰ ২৩খন বিমানহে এদশকৰো অধিক পুৰণি। ইণ্ডিগ’ৰ মুঠ ৯৭খন বিমানৰ বয়স ৫ৰ পৰা ১০ বছৰৰ ভিতৰত।এয়াৰ ইণ্ডিয়াই ২০২৩-২৪ চনত ৪০৫খন নতুন বিমানৰ অৰ্ডাৰ দিছিল। ২০২৩ চনত ৩০৫খন আৰু ২০২৪ চনত ১০০খন। এই অৰ্ডাৰসমূহ ২০২২ চনৰ পৰা ভাৰতীয় বিভিন্ন বিমান সংস্থাই কৰা মুঠ ১,৩৫৯খন নতুন বিমানৰ অৰ্ডাৰৰ অংশ আছিল। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ভাৰতত বিমানৰ উৰণৰ ম্যাদ নিৰ্দিষ্ট কৰি দিয়া নাই।বিমানক পৰিবহণযোগ্য বুলি গণ্য কৰা হয় নিৰ্মাতাই নিৰ্ধাৰণ কৰা অনুমোদিত সময়সূচী অনুসৰি।

  • Related Posts

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক । অসম পত্ৰিকা বিশেষ:ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস : ১৯ জানুৱাৰী :-কোকৰাঝাৰৰ কাৰিগাঁওৰ গৌৰিনগৰত আজি নিশা ৭:৩০ মান বজাত সংঘটিত হোৱা…

    Continue reading
    পছৰীয়াৰ দিবাকৰ কলিতাৰ ঘৰত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা ,অসমৰ সভাপতি অভিষেক ৰাজ কলিতা , কলিতা যুৱ সন্মিলনৰ সভাপতি ভাস্কৰ জ্যোতি ডেকা আৰু উপ সভাপতি ৰঞ্জিত কলিতা ।

    পছৰীয়াৰ দিবাকৰ কলিতাৰ ঘৰত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা ,অসমৰ সভাপতি অভিষেক ৰাজ কলিতা , কলিতা যুৱ সন্মিলনৰ সভাপতি ভাস্কৰ জ্যোতি ডেকা আৰু উপ সভাপতি ৰঞ্জিত কলিতা ।   কিমান…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কঞাঁ ৰাজহচক্ৰৰ উদ্যোগত বানবিধস্ত ৰাইজক উদ্ধাৰৰ প্ৰদৰ্শন মূলক অভিযান৷

    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কঞাঁ ৰাজহচক্ৰৰ উদ্যোগত বানবিধস্ত ৰাইজক উদ্ধাৰৰ প্ৰদৰ্শন মূলক অভিযান৷

    বাৰঘৰীয়া বাৰগোপাল থানত ভোগালী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

    বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান

    বিশ্বনাথ আয়ুক্তলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ স্মাৰক পত্ৰ প্ৰদান

    বৰক্ষেত্ৰীৰ অলিয়ে গলিয়ে পৰাগজ্যোতি চৌধুৰী । প্ৰত্যাহ্বান নহয় দলে প্ৰাৰ্থীত্ব দিলে নিৰ্বাচন খেলিবলৈ সাজু যুৱনেতা গৰাকী ।

    বৰক্ষেত্ৰীৰ অলিয়ে গলিয়ে পৰাগজ্যোতি চৌধুৰী । প্ৰত্যাহ্বান নহয় দলে প্ৰাৰ্থীত্ব দিলে নিৰ্বাচন খেলিবলৈ সাজু যুৱনেতা গৰাকী ।
    error: Content is protected !!