দেশ

Ahmedabad Plane Crash : ১১ বছৰ পুৰণি হোৱাৰ বাবেই বিজুতি ঘটিল নেকি দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ? আহমেদাবাদৰ দুৰ্ঘটনাটোৱে পুনৰ চৰ্চালৈ আহিছে এয়াৰ ইণ্ডিয়াক

আহমেদাবাদৰ দুৰ্ঘটনাই এয়াৰ ইণ্ডিয়াক পুনৰ এবাৰ চৰ্চালৈ আনিছে। আহমেদাবাদৰ দুৰ্ঘটনাৰ পূৰ্বে এয়াৰ ইণ্ডিয়াৰ কাৰ্যক্ষম হৈ থকা ১৮৮খন বিমানৰ ভিতৰত ৪৩খন ১৫ বছৰতকৈ অধিক পুৰণি

১১ বছৰ পুৰণি হোৱাৰ বাবেই বিজুতি ঘটিল নেকি দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ? তাক লৈ চলিছে চৰ্চা। ভাৰতত চলি থকা প্ৰায় ৩০% যাত্ৰীবাহী বিমানেই এয়াৰ ইণ্ডিয়াৰ। কিন্তু অপাৰেটৰটোৱে আটাইতকৈ পুৰণি বিমানসমূহো ব্যৱহাৰ কৰে। চৰকাৰী তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়াৰ ৭০খন বিমান এদশকৰো অধিক পুৰণি। আহমেদাবাদৰ দুৰ্ঘটনাই এয়াৰ ইণ্ডিয়াক পুনৰ এবাৰ চৰ্চালৈ আনিছে। আহমেদাবাদৰ দুৰ্ঘটনাৰ পূৰ্বে এয়াৰ ইণ্ডিয়াৰ কাৰ্যক্ষম হৈ থকা ১৮৮খন বিমানৰ ভিতৰত ৪৩খন ১৫ বছৰতকৈ অধিক পুৰণি।

আনহাতে, ২৭খন বিমান ১০ৰ পৰা ১৫ বছৰ পুৰণি। এয়া হৈছে বিগত মাৰ্চ মাহত সংসদত দাখিল কৰা চৰকাৰী তথ্য। মুঠ ৫৯খন এয়াৰ ইণ্ডিয়াৰ বিমানৰ বয়স ৫ৰ পৰা ১০ বছৰৰ ভিতৰত। আনহাতে, ৬৯খন পাঁচ বছৰৰো কম বয়সৰ। অৰ্থাৎ, এয়াৰ ইণ্ডিয়াৰ ৩৭% বিমানেই ১০ বছৰৰ অধিক পুৰণি। বৃহস্পতিবাৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনো আছিল ১১ বছৰ পুৰণি। মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে সংসদত জনাইছিল যে ইণ্ডিগ’ই সৰ্বাধিক ৩১৯ বিমান চলাইছিল। আনহাতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেডে ১০১ বিমান চলাইছিল। অৱশ্যে ইণ্ডিগ’ৰ বিমান এয়াৰ ইণ্ডিয়াতকৈ নতুন।

কিয়নো ইয়াৰ ২৮৩খন বিমান ৫ বছৰৰো কম পুৰণি, আনহাতে মাত্ৰ ২৩খন বিমানহে এদশকৰো অধিক পুৰণি। ইণ্ডিগ’ৰ মুঠ ৯৭খন বিমানৰ বয়স ৫ৰ পৰা ১০ বছৰৰ ভিতৰত।এয়াৰ ইণ্ডিয়াই ২০২৩-২৪ চনত ৪০৫খন নতুন বিমানৰ অৰ্ডাৰ দিছিল। ২০২৩ চনত ৩০৫খন আৰু ২০২৪ চনত ১০০খন। এই অৰ্ডাৰসমূহ ২০২২ চনৰ পৰা ভাৰতীয় বিভিন্ন বিমান সংস্থাই কৰা মুঠ ১,৩৫৯খন নতুন বিমানৰ অৰ্ডাৰৰ অংশ আছিল। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ভাৰতত বিমানৰ উৰণৰ ম্যাদ নিৰ্দিষ্ট কৰি দিয়া নাই।বিমানক পৰিবহণযোগ্য বুলি গণ্য কৰা হয় নিৰ্মাতাই নিৰ্ধাৰণ কৰা অনুমোদিত সময়সূচী অনুসৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!