দেশ

দুৰ্নীতিৰ ভুস্বৰ্গৰ পৰিণত ধুলি গাওঁ পঞ্চায়তঃ হিতাধিকাৰীৰ নামত অহা তামোলৰ নাৰ্চাৰীৰ ধনো আত্মসাৎ এচাম দুৰ্নীতিগ্ৰস্থ লোকৰ

 

অসম পত্ৰিকা , বিশ্বনাথ , ৰমেশ চন্দ্ৰ চৰেণ , ২৩ জুন ঃ বিশ্বনাথৰ ধুলি পঞ্চায়তত সংঘটিত হৈছে এক নাভ্ৰুতনাশ্ৰুত ঘটনা ৷ পঞ্চায়তখনত এশএবুৰি সমস্যাৰ মাজতো সংঘটিত হোৱা চৰকাৰী ধন আত্মসাৎ কৰা ঘটনাই চৰ্চিত হৈছে সৰ্বত্ৰে ৷কেৱল উন্নয়ণমুলক আচনিৰ ধন আত্মসাৎ কৰাই নহয় , এইবাৰ নামি পৰিছে আত্মসংস্থাপনৰ হেতু হিতাধিকাৰীক সকলৰ বাবে অহা চৰকাৰী ধনো ৷ অভিযোগ অনুসৰি ধুলি গাওঁ পঞ্চায়ত ৭ নং ৱাৰ্ডৰ ধুলি চাহ বাগিছাৰ কেইবা গৰাকী হিতাধিকাৰীৰ ধন আত্মসাৎ কৰা ঘটনা সংঘটিত হৈছে ৷ আচনিৰ নামত প্ৰায় লক্ষাধিক টকা আত্মসাৎ কৰে ৰবীন বাগ নামৰ এগৰাকী বিজেপি কাৰ্যকৰ্তাই ৷ উল্লেখ্য যে প্ৰাক্তন আঞ্চলিক সদস্যা , বৰ্তমানৰ নিৰ্বাচিত ৱাৰ্ড সদস্যা তথা পঞ্চায়তখনৰ সভাপতি পদপ্ৰাৰ্থী গীতা বাগৰ স্বামী ৰবীন বাগে এনৰেগাৰ আই বি এছ আচনিৰ তামোলৰ নাৰ্চাৰী ৰূপায়ণ নামত ধুলি চাহ বাগিছাৰ অনাদী চবৰ নামৰ লোক জনৰ নামত অহা প্ৰথম কিস্তিৰ ৯৭ হেজাৰ টকা জৱকাৰ্ডৰ জৰিয়তে উঠাই লয় ৷ হিতাধিকাৰীজনৰ অজ্ঞাতে এইদৰে তেওঁৰ নামত অহা আচনিৰ টকা উঠাই লোৱা হৈছে বুলি অভিযোগ ভুক্তভোগী অনাদী চবৰৰ ৷ তেওঁৰ নামত আচনি অহা বুলি ভুমাত্ৰ নোপোৱা লোকজনক নামমাত্ৰ ৩০ টাকৈ তামোল পুলি দিয়া বুলি এই প্ৰতিবেদকক জানিব দিয়ে ৷ আনকি হাজিৰা আদিও দিয়া নাই বুলি উল্লেখ কৰে ভুক্তভোগীয়ে ৷ ইফালে গাওঁখনৰে আন এগৰাকী হিতাধিকাৰী বিমল বাগ নামৰ লোকজনৰো ১লাখ ৪৪ হেজাৰ টকা ইতিমধ্যে উঠাই লোৱা বুলি অভিযোগ উঠিছে ৷ তেওঁৰ অজ্ঞাতে তেওঁৰ নামত অনুমোদিত হোৱা ধন এনেদৰে উঠাই আত্মসাৎ কৰা ঘটনাক আশ্বৰ্য প্ৰকাশ কৰিছে ভুক্তভোগী বিমল বাগে ৷ এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এই বিষয়ত তেওঁ একো নাজানো বুলি উল্লেখ কৰে ৷ তেওঁক তামোলৰ পুলি ৰোপনৰ বাবে নামমাত্ৰ ৩৪ টা তামোলৰ পুলি দিয়া বুলি জানিব দিয়ে ৷ উল্লেখ্য যে প্ৰাক্তন কাউন্সিলৰ তথা নিৰ্বাচিত ৱাৰ্ড সদস্য তথা ধুলি পঞ্চায়তৰ সভাপতিৰ পদপ্ৰাৰ্থী হোৱাৰ সুবাদত এইদৰে ৰাইজৰ ধন আত্মসাৎ কৰি অহা বুলি সৰব চৰ্চা চলিছে ৰাইজৰ মাজত ৷ স্মৰ্তৱ্য যে ধুলি গাওঁ পঞ্চায়তত এনে ধৰনৰ চৰকাৰী ধনৰ ব্যাপক অনিয়ম , বিসংগতি দুৰ্নীতিয়ে পঞ্চায়তৰ উন্নয়নত মাধমাৰ শোধাইছে এচাম দুৰ্নীতিপৰায়ণ লোকে ৷ অবাধ দুৰ্নীতিৰে সোৱেবাওে ধন ঘটিছে এই সকল লোকে ৷ ইফালে ভুক্তভোগী হিতাধিকাৰী সকলেও তেওঁলোকৰ নামত আৱণ্টন পোৱা চৰকাৰী ধন আত্মসাৎ কৰা ঘটনাটোৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে ৷ এনেদৰে তেওঁলোকক অন্ধকাৰত ৰাখি আচনিৰ ধন আত্মসাৎ কৰা ঘটনাৰ সঠিক তদন্তৰ কামনা কৰিছে ৷ দোষীক উপযুক্ত শাস্তিৰো দাবী তোলে ভুক্তভোগীদ্বয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button
error: Content is protected !!