দেশ

 

যোগ হৈছে শৰীৰ আৰু মনক সুস্থ, সতেজ কৰি ৰাখিব পৰা সৰ্বশ্ৰেষ্ঠ মাধ্যম ।

আমাৰ শাস্ত্ৰতেই আছে যে “শৰীৰ মাদ্যং খলু ধৰ্ম সাধনম্ ” অৰ্থাৎ ধৰ্ম আৰু কৰ্ম সাধনৰ মূলতেই হৈছে শৰীৰ। সেই শৰীৰটোক সুস্থ কৰি ৰখাটো সকলোৰে কাম্য। তদ্ৰুপ মনটোক আমি পবিত্ৰ কৰি ৰখাটো আমাৰ পৰম কৰ্তব্য। সেয়েহে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে পালন কৰা হয় যোগ দিৱস।

এইবেলি ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে নলবাৰী জিলাৰ বড়িগোগ বনভাগ শিক্ষাখণ্ড ঘগ্ৰাপাৰৰ অধীনস্থ কটুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতুমণি দাসৰ তত্বাৱধানত অনুষ্ঠিত যোগ দিৱসত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, শিক্ষক কৰ্মচাৰী সমন্বিতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

#Assam #Assampatrika

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button
error: Content is protected !!