
বিশ্বনাথ চাৰিআলিত ৰ’দ প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভাত ৬খনকৈ গ্ৰন্থ উন্মোচন
অসম পত্ৰিকা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১ জুলাই –বিশ্বনাথৰ অন্যতম সাহিত্য অনুষ্ঠান ৰ’দ গোষ্ঠীৰ আৰু ৰ’দ প্ৰকাশনৰ উদ্যোগত আজি ১১ বজাৰ পৰা বিশ্বনাথ চাৰিআলিৰ কস্তূৰী পেলেচত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উল্লেখ্য যে ৰ’দ গোষ্ঠী আৰু ৰ’দ প্ৰকাশনৰ উদ্যোগত বৰ্তমানলৈকে প্ৰায় ২৬৬ খন গ্ৰন্থ উন্মোচন কৰা হৈছে। আজি কস্তুৰী পেলেচত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত এটি ৰাভা সংগীতেৰে সভাখন মুকলি কৰে প্ৰতিভা বৰুৱাই ৷ ৰ’দৰ সম্পাদক জয়ন্ত বৰুৱাই আঁত ধৰা সভাত ৰ’দ গোষ্ঠীৰ কাৰ্যকৰী সভাপতি তেজেন হাজৰিকাই সভাখন পৰিচালনা কৰে। এই সভাত ৫ গ্ৰন্থ আৰু ৰ’দৰ বৰ্ষা সংখ্যাৰ ৰ’দ আলোচনীখন উন্মোচন কৰা হয়। ডিব্ৰুগড়ৰ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ বিত্ত উপ কমিটিৰ উপ-সভাপতি অৰুণ চন্দ্ৰ বৰুৱাৰ “ মই যে তোমাৰ আজন্ম প্ৰেমিক ” নামৰ কাব্য গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ধনদা কলিতাই ৷ ধেমাজৰ কবি ৰবিন কুমাৰ চেতিয়াৰ কাব্য সংকলন “ কাইলৈৰ পৰা মই তোমাৰ হ’ম ” শীৰ্ষক সংকলনখনি উন্মোচন কৰে বিশিষ্ট কবি দিলীপ কুমাৰ ভট্টাচাৰ্যই। চাবুৱাৰ কবি আনন্দ ৰাম বৰপাত্ৰৰ “ জোনাকত এজাক বৰষুণ ” শীৰ্ষক কাব্য সংকলনখন উন্মোচন কৰে সু লেখিকা অঞ্জনা ভাগবতীযে। জামুগুৰি হাটৰ কবি ৰেণু ভূঞাৰ “ মেলি দিয়ক এখনি সহায়ৰ হাত ” শীৰ্ষক কাব্য সংকলখনি উন্মোচন কৰে ৰ’দৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক বিমান ৰায় বৰুৱাই। তিনিমহীয়া ৰ’দ আলোচনী বৰ্ষা সংখ্যাটি উন্মোচন কৰে জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই ৷ তাপ্তী দ্যুতি বৰাৰ “ গুলপীয়া সন্ধ্যাৰ পৰশ ” নামৰ গল্প সংকলনখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰূপা বৰপূজাৰীযে। সভাত প্ৰবীণ কবি হেমচন্দ্ৰ বৰুৱা , বিশিষ্ট কবি অজিত কুমাৰ হাজৰিকা, মৌচুমী দেৱী , ৰুবি শইকীয়া দাস , তৃপ্তিৰেখা দাস , অশ্ৰুমনি বৰা , তাপ্তী দুতি বৰা , মাধবী হাজৰিকাে ধৰি প্ৰায় দহ গৰাকী কবিয়ে কবিতা পাঠ কৰে ৷ শিশু শিল্পী জিন্নাত আাফি্ন খানে এটি আধুনিক নৃত্য আৰু জয়শ্ৰী ভূঞাই এটি জ্যোতি সংগীত পৰিবেশন কৰে ৷ সভাত জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, আমিৰ খান, জগতাৰ সিং, বিনীত ঝা, ভূৱন লুইটেল , খগেন মটক , ৰানা হাজৰিকা , ৰ’দ গোষ্ঠীৰ প্ৰাক্তন সভাপতি সোমেশ্বৰ ওৰাং , বিশ্বনাথ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ বৰুৱা , আজি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ আজিৰ অনুষ্ঠানত ডিব্ৰুগড়, লক্ষীমপুৰ, তেজপুৰ আৰু বিশ্বনাথৰ প্ৰায় তিনিকুৰীৰো অধিক সাহিত্য প্ৰেমীয়ে অংশগ্ৰহণ কৰে।