দেশধৰ্ম

 

পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰি উপাধ্যক্ষ গিৰীশ চন্দ্ৰ দাসৰ মৃত্যু৷

 

নাট মহোৎসৱৰ আজিৰ দিনটোৰ কাৰ্যসূচী বাতিল৷

 

২৬ জুলাই৷

 

নলবাৰী জিলাৰ বৰখালা নিবাসী তথা পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ অৱসৰি উপাধ্যক্ষ গিৰীশ চন্দ্ৰ দাসৰ আজি আবেলি নিজ বাসভৱনত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়৷অতিপাত ধৰ্মিক তথা সমাজসচেতন লোক হিচাবে দাস ঠাকুৰ শ্ৰীশ্ৰীঅনুকুল চন্দ্ৰৰ ওচৰত দিক্ষীত আছিল৷সমাজ সচেতন লোক হিচাবে সকলো অনুষ্ঠানতে তেওঁ জৰিত আছিল৷৷দুখৰ বিষয় যে প্ৰয়াত দাস জীৱিত কালতে পত্নী আৰু এগৰাকী বিবাহিত পুত্ৰক হেৰুৱাই দুখত ভাগি পৰিছিল৷তেওঁৰ মৃত্যুত বৰখালাৰ লগতে অঞ্চলৰ সকলো অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গক সমাবেদনা জ্ঞাপন কৰে৷আনহাতে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱ,বৰখালা শ্ৰীশ্ৰীলক্ষ্মীনাৰায়ণ যজ্ঞ,বুঢ়া গোসাঁই থান,ঠাকুৰাণী থান,আদিৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান বিশেষকৈ বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলন,পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্পাপূজা মণ্ডপ আদিকৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে৷মৃত্যুৰ সময়ত তেওঁ অসম চৰকাৰৰ জ্যেষ্ঠ আমোলা ভূপেশ চন্দ্ৰ দাস সহ তিনি গৰাকী পুত্ৰ,চাৰি গৰাকী বোৱাৰী,এগৰাকী বিবাহিত কন্যা লগতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷উল্লেখযোগ্য যে প্ৰবিন শিক্ষাবিদ গৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰি ঈশ্বৰী সামাজিক সাংস্কৃতিক অনুষ্ঠানে আজিৰে পৰা বৰখালাত আয়োজন কৰা নাট মহোৎসৱৰ আজিৰ দিনটোৰ কাৰ্য্যসূচী বাতিল কৰি ২৭ জুলাইত অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে৷আনহাতে ২৭ জুলাইৰ কাৰ্য্যসূচী সমূহ ২৮ জুলাইত অনুষ্ঠিত কৰিব বুলি আয়োজক সমিতিয়ে জানিব দিয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button
error: Content is protected !!