
বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাসী , যুৱ নেতা . সমাজকৰ্মী চিৰঞ্জীৱ পাঠকৰ নিৰ্বাচনী কুচকাৱাজ
বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাসী , যুৱ নেতা . সমাজকৰ্মী চিৰঞ্জীৱ পাঠকৰ নিৰ্বাচনী কুচকাৱাজ
বিহালীৰ সমাজকৰ্মী ,যুৱনেতা চিৰঞ্জীৱ পাঠক বিহালী বিধানসভা সমষ্টিৰ বিধায়ক পদৰ প্ৰাৰ্থীত্বৰ দৌৰত আছে ৷ ইতিমধ্যে তেওঁৰ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে ,সামাজিক অনুষ্ঠানত-প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ জনসম্পৰ্ক বৰ্তাই ৰখা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ বিভিন্ন ঠাইত বহু সামাজিক কামত ৰাইজক সহযোগিতা কৰি বিহালী বাসী ৰাইজৰ মাজত অতিকৈ প্ৰিয়ভাজন হৈ পৰা পৰিলক্ষিত হৈছে ।
২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিহালীৰ সমষ্টিৰ বাবে চিৰঞ্জীৱ পাঠককে দলীয় টিকট প্ৰদান কৰিব লাগে বুলি সমষ্টিবাসী ৰাইজৰ মাজত চৰ্চা চলাৰ লগতে দলৰ প্ৰাৰ্থীত্বৰ বাবেও ৰাইজে বিপুল দাবী জনাইছে। দলীয়ভাবে প্ৰাথীত্ব লাভ কৰিলে পাঠকৰ জয় প্ৰায় নিশ্চিত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে সমষ্টিটোক বিভিন্ন দিশত , বিশেষকৈ কৰ্ম সংস্থাপন, শিক্ষা ,কাৰিকৰী প্ৰশিক্ষণ, পৰ্যটন, চিকিৎসা, যুৱ কল্যাণ, ফুটবল প্ৰশিক্ষণ, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা , হাতী মানুহৰ সংঘাতৰ সমস্যা, সাধাৰণ শ্ৰেণীৰ কৃষকৰ সমস্যা , খিলঞ্জীয়াৰ লোক সকলৰ ভূমি পট্টাৰ সমস্যা, দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোক সকলৰ সমস্যা, উদ্যমী যুৱক যুৱতীৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ সমাধান কৰা আদিকে ধৰি বহু উন্নয়নৰ সপোন লৈ ৰাইজৰ মাজলৈ আগবাঢ়ি গৈছে প্ৰাৰ্থীত্ব প্ৰত্যাসী চিৰঞ্জীৱ পাঠকে ৷
বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ
Assam Patrika ne
৩০ জুলাই