কবিৰ বাবে একলম
✒️কেশৱ কলিতা
কবি বিপুল কুমাৰ দত্ত আৰু প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাত দুটা সুবাস বিচাৰি পোৱা যায়। বিপুল দাৰ
কবিতাত এইটোৱে সেইটো ধৰণৰ ভাবাৰ্থ আৰু প্ৰণৱ দা কিছু চৌখিন কাৰণে প্ৰচাৰৰ ভাবাৰ্থ যেন ফুটি উঠে তেওঁৰ কবিতাত। কবিৰ মনৰ ভাৱ, অনুভূতি আদি শব্দ-বাক্যৰে প্ৰকাশ কৰাকে যদি আমি কবিতা বুলি কও তেন্তে দুয়ো গৰাকী কবিৰ মন-মগজুত শোষিত শ্ৰেণীৰ জীৱন ধাৰাই কবি দুগৰাকীক ব্যতিব্যস্ত কৰাৰ চিন্তা জমা হৈ থকা কথাৰ উমান পাব পাৰি। নলবাৰীৰ কবি বিপুলদাক নলবাৰী চহৰত কেতিয়াবা লগ পালে সংগীতৰ প্ৰতি দূৰ্বলতা থকা মোৰ বন্ধু এগৰাকীয়ে বিপুল দাক প্ৰশংসা কৰি মোৰ সন্মুখতে বন্ধুজনে কয় প্ৰণৱদাতকৈ বিপুলদাৰ কবিতা পঢ়ি বেছি ভাল লাগে। বিপুল দাই মাত্ৰ হাহে। এইবোৰ বহু বছৰ আগৰ কথা, পুৰণি হ’ল। বিপুল দা আজি এই সংসাৰত নাই। তেওৰ মৃত্যুত শোক প্ৰকাশ কৰা নহল। নিজ প্ৰচাৰৰ বাবে শোকবাৰ্তা প্ৰকাশ কৰা বুলি যাতে কোনোৱে নাভাবে সেই ভাবি এটা শোকবাৰ্তা মোৰ ফালৰ পৰা প্ৰকাশ কৰা নাছিলো। কবি সমাজে বিপুলদাহতৰ স্মৃতি পুনৰাই সজীৱ কৰিব বিচাৰিছে জানি ভাল পালো।