
চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ধপাঁত বিৰোধী সজাগতামূলক কাৰ্যসূচী
আজি চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ মাজত ধপাঁত বিৰোধী সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে পৰিচালনা কৰা সজাগতামূলক শোভাযাত্ৰা উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেন বৰাই। শোভাযাত্ৰাত বিদ্যালয়ৰ ছাত্ৰ সংসদৰ অধ্যক্ষা দেৱকী ভাণ্ডাৰী, সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ চতিয়া আঞ্চলিকৰ সভাপতি অচ্যুত বৰা, গাওঁৰক্ষী বাহিনীৰ সম্পাদক দ্বীপেন মাহাতি, চেঙামাৰী যুৱ সংঘৰ বিষয়বৱীয়া, শিক্ষক -শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ পিছতে ৰিপুঞ্জয় বৰদলৈৰ ৰচনা, পৰিচালনাৰে প্ৰস্তুত কৰা ‘আমি সজাগ হ’বৰ হ’ল ‘ বাটৰ নাটভাগ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মঞ্চস্থ কৰে। বাটৰ নাটকত অভিনয় কৰা ছাত্ৰ-ছাত্ৰীৰ অভিনয়ে উপস্থিত সকলোকে অভিভূত কৰাৰ লগতে কাহিনীৰ তাগিদাত সকলোৱে আবেগিক হৈ পৰা পৰিলক্ষিত হয়। গুটখাৰ অপকাৰিতাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা নাটকখনে ছাত্ৰ-ছাত্ৰীৰ মাজত কিছু হ’লেও সজাগতা আনিব বুলি সচেতন মহলে মত ব্যক্ত কৰে।
বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ
Assam Patrika Ne⁷
২১ আগষ্ট