সাধাৰণ জীৱন আৰু সমাজৰ মূখা
– কেশৱ কলিতা
আজিৰ সমাজত সাধাৰণ জীৱন যাপন কৰাটো কষ্টকৰ হৈ পৰিছে। মানুহে নিজৰ প্ৰকৃত ৰূপত জীৱন-যাপন কৰিবলৈ সঙ্কোচ অনুভৱ কৰে। ফলত, প্ৰায় সকলোৱে কোনো কোনো ধৰণৰ “মূখা” পিন্ধি সমাজৰ আগত আগবাঢ়ে।
এই মূখা কেতিয়াবা নেতাৰ ৰূপ, কেতিয়াবা সমাজসেৱকৰ ৰূপ, আৰু কেতিয়াবা সফল ব্যৱসায়ীৰ ৰূপ হ’ব পাৰে। মানুহে ভাৱে—নিজৰ সঁচা জীৱন সমাজৰ চকুত সন্মান পাব নোৱাৰে। সেয়েহে কৃত্ৰিমতা, অভিনয়, আৰু প্ৰদৰ্শনৰ পথ বাছি লয়।
কিন্তু এই অভিনয়ৰ অন্তত মানুহৰ ভিতৰত এক শূন্যতা জন্মে। কাৰণ, স্বাভাৱিক জীৱনয়েহে মানুহক প্ৰকৃত সুখ আৰু শান্তি দিব পাৰে। সমাজে যদি সাধাৰণ জীৱনক আদৰ কৰে, তেতিয়াহে মানুহ নিজৰ মূখা আঁতৰাই সঁচা ৰূপত জীৱন-যাপন কৰিব পাৰিব।