বিহপুৰীয়াত চলিছে ৰাজনৈতিক গৰম বতাহঃ দ্বীপশিখা বৰা হব বিজেপি দলৰ প্ৰাৰ্থী

        বিহপুৰীয়াত চলিছে ৰাজনৈতিক গৰম বতাহ ঃ দ্বীপশিখা বৰা হব বিজেপি দলৰ প্ৰাৰ্থী

 

ৰমেশ চন্দ্ৰ চৰেণ’ : Assam Patrika Ne⁷ ২৭ ডিচেম্বৰ

ৰাজ্যত চলিছে এতিয়া নিৰ্বাচনী কুচকাৱাজ ৷ প্ৰাৰ্থীত্বক লৈ সমষ্টি সমুহত চলিছে চৰ্চা ৷ কোনে টিকট পাব , কাৰ কপাল ফুলিব ৷ ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে চলিছে জল্পনাকল্পনা ৷ ব্যক্তিক্ৰম নহয় ৭৩ নং বিহপুৰীয়া সমষ্টিয়ো ৷ বিজেপিৰ দলৰ প্ৰাৰ্থীত্বক লৈ বিহপুৰীয়া সমষ্টিটোৰ চুকে কোনে চলিছে আলোচনা ৷ এইবাৰ বহু কেইগৰাকী নেতাই বিহপুৰীয়াত বিচাৰিব দলীয় টিকট ৷ যোৱা দুটাকৈ কাৰ্যকাল বিজেপিৰ দখলত থকা বিহপুৰীয়া সমষ্টিত বিধায়ক অমিয় ভুঞা প্ৰাৰ্থীত্বৰ দৌৰত আছে ৷ ইফালে নতুন মুখৰ প্ৰাৰ্থীত্ব প্ৰত্যাসী নেতাই ওপৰ মহলৰ লগত সঘনাই যোগাযোগ অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে প্ৰাৰ্থীত্বৰ দৌৰত আছে কৃষক মৰ্চাৰ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য ৷ আনহাতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হৰেন দেউৰীয়েও প্ৰাৰ্থীত্ব পাবৰ বাবে চলাইছে যোজা ৷ ৰাজনৈতিক সমীকৰণ অনুসৰি এইবাৰ বিজেপি দলে বিহপুৰীয়াত প্ৰক্ষেপ কৰিব মহিলা প্ৰাৰ্থী ৷

 

বিজেপিৰ ৰাজ্যিক নেতৃত্ব আৰু RSS নেতৃত্বৰে হোৱা পৰ্যালোচনাত মহিলা প্ৰাৰ্থীকে বিহপুৰীয়াত অগ্ৰাধিকাৰ দিব বুলি ইতিমধ্যে খাটাং হৈ পৰিছে ৷ দলৰ মহিলা মৰ্চাৰ নেত্ৰী তথা বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দ্বীপশিখা বৰা হব বিহপুৰীয়া বিধানসভা সমষ্টিৰ দলৰ মহিলা প্ৰাৰ্থী ৷ দলৰ প্ৰথম গৰাকী পছন্দৰ প্ৰাৰ্থী হিচাবে দ্বীপশিখাকে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ উল্লেখ্য যে বিহপুৰীয়াবাসী ৰাইজৰ দাবী দ্বীপশিখা বৰাকে দিব লাগে দলীয় টিকট ৷ উচ্চ শিক্ষিতা মহিলা দ্বীপশিখা বৰা বিজেপিৰ দলীয় প্ৰাৰ্থীত্বৰ বাবে উপযুক্ত প্ৰাৰ্থী ৰূপে সমষ্টিটোত চলিছে সৰব চৰ্চা ৷ দ্বীপশিখা বৰা ৰাইজৰ সৰ্বজনগ্ৰাহ্য প্ৰাৰ্থী ৷ গতিকে দ্বীপশিখাকে দলীয় টিকট প্ৰদান কৰিব লাগে বুলি বিহপুৰীয়াবাসী ৰাইজৰো দাবী ৷

 

  • Related Posts

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছ৷ইফালে আকৰ্ষনীয় হৈ পৰিছে ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক কুচকাৱাজ৷ প্ৰতিটো ৰাজনৈতিক দলৰে চলিছে প্ৰাক নিৰ্বাচনী প্ৰচাৰ অভিযান৷কংগ্ৰেছ…

    Continue reading
    বৰক্ষেত্ৰীৰ অলিয়ে গলিয়ে পৰাগজ্যোতি চৌধুৰী । প্ৰত্যাহ্বান নহয় দলে প্ৰাৰ্থীত্ব দিলে নিৰ্বাচন খেলিবলৈ সাজু যুৱনেতা গৰাকী ।

      বৰক্ষেত্ৰীৰ অলিয়ে গলিয়ে পৰাগজ্যোতি চৌধুৰী । প্ৰত্যাহ্বান নহয় দলে প্ৰাৰ্থীত্ব দিলে নিৰ্বাচন খেলিবলৈ সাজু যুৱনেতা গৰাকী অসম পত্ৰিকা বিশেষ: ৰাজ্যত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীত্ব প্ৰত্যাসী…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!