পছৰীয়াৰ দিবাকৰ কলিতাৰ ঘৰত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা ,অসমৰ সভাপতি অভিষেক ৰাজ কলিতা , কলিতা যুৱ সন্মিলনৰ সভাপতি ভাস্কৰ জ্যোতি ডেকা আৰু উপ সভাপতি ৰঞ্জিত কলিতা ।

পছৰীয়াৰ দিবাকৰ কলিতাৰ ঘৰত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা ,অসমৰ সভাপতি অভিষেক ৰাজ কলিতা , কলিতা যুৱ সন্মিলনৰ সভাপতি ভাস্কৰ জ্যোতি ডেকা আৰু উপ সভাপতি ৰঞ্জিত কলিতা ।

কিমান নিৰ্দয় আৰু নিষ্ঠুৰ হ’ব পাৰে জীৱ শ্ৰেষ্ঠ মানৱ। কিমান নিষ্ঠুৰ হলে জীৱ শ্ৰেষ্ঠই কৰিব পাৰে পশুতুল্য কাম। কামৰূপৰ পছৰীয়াত জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডই ৰাজ্য কঁপাই গৈছে। কিয়নো চকু চৰহা জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হৈছে এজাক ছাগলী। হয়, পচৰীয়া দল’পাৰত লাখ লাখ মূল্যৰ ভিন্ন ব্ৰীডৰ ছাগলী বিহ দি নিধন কৰিলে দুৰ্বৃত্তই। দিবাকৰ কলিতা নামৰ লোকজনৰ “মা পদুমী গোট ফাৰ্ম”ত দুৰ্বৃত্তৰ দলে পশু খাদ্যত বিহ দি সংঘটিত কৰে এই নিৰ্মম কাণ্ড। দিবাকৰৰ পৰিয়ালৰ ফাৰ্মত ইতিমধ্যে মৃত্যু হৈছে ৭৫ টাকৈ ছাগলী। আন কেইবাটাও ছাগলী এতিয়াও চটফটাই আছে বিষক্ৰিয়াত।

চৰকাৰী চাকৰীলৈ বাট নাচাই ২০১৯ চনত দিবাকৰ কলিতা(সংলগ্ন ফটোখনত থকা যুৱকজন) আৰু তেঁওৰ পত্নী ভনিতা কলিতাই আৰম্ভ কৰিছিল “মা পদুমী গোট ফাৰ্ম” নামেৰে ছাগলী ফাৰ্মখন। কোনো চৰকাৰী সাহাৰ্য্য অবিহনে অতি কম সময়তে দুই দম্পত্তিয়ে গঢ়ি তুলিছিল ছাগলী পালনেৰে বিপ্লৱ। প্ৰতি মাহতে অসমৰ লগতে উত্তৰ পূৱৰ বিভিন্ন প্ৰান্তলৈ লাখ লাখ মূল্যৰ ছাগলী ৰপ্তানি হৈছিল দিবাকৰৰ ফাৰ্মৰ পৰা। কষ্টবোৰ ক্ৰমান্বয়ে সাৰ্থক হোৱাত হাঁহি বিৰিঙি উঠিছিল ছাগলী বিপ্লৱৰে স্বাৱলম্বীতাৰ সপোন দেখা দম্পত্তিহালৰ। এইখিনিলৈকে সকলো ঠিকেই আছিল। তেনে সময়তে পৰিয়ালটোত ঘটিল ভয়ংকৰ ঘটনাটো। ঘৰত চলি থকা এটা অনুস্থানৰ সুযোগ বুজি কোনো দুৰ্বৃত্তই ফাৰ্মখনৰ ছাগলীৰ খাদ্যত মিহলালে বিহ, আৰু তাৰ পাছতএটা এটাকৈ ৭৫ টাকৈ ভিন্ন ব্ৰীডৰ ছাগলী পৰিল মৃত্যুমুখত। চাৰখাৰ হৈ গ’ল দিবাকৰ আৰু ভনিতাৰ আকাশ চোৱাৰ সপোন। এই ঘটনাত প্ৰায় ২৫ লাখ টকা লোকচানৰ সন্মুখীন হয় পৰিয়ালটো। দোপত দোপে বাঢ়ি অহা পৰিয়ালটোৰ সপোনৰ ফাৰ্মখন আজি হৈ পৰিল উদং৷ এই ঘটনাত কোন জড়িত হৈ আছে এই পৰ্যন্ত ওলোৱা নাই কোনো সম্ভেদ। ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপিছে আৰক্ষীৰ। দিবাকৰ আৰু ভনিতাক সান্তনা দিবলৈ মোৰ ভাষা নাই। কিন্তু চকুচৰহা জীৱশ্ৰেষ্ঠক ধিক্কাৰ জনালোঁ, দিলোঁ তীব্ৰ গৰিহণা দিয়া লগত উচিত তদন্ত কৰিব কাৰণে দাবী জনালোঁ

  • Related Posts

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপ যাতায়তত চৰম হাৰাশাস্তি কঞাঁ ৰাজহচক্ৰ সংযোগী পথত । অসম পত্ৰিকা বিশেষ: ১৮ মাৰ্চ পূৰ্বৰ হাজো আৰু বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ দক্ষিণ দিশৰ পশ্চিম বড়িগোগ মৌজাৰ…

    Continue reading
    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক । অসম পত্ৰিকা বিশেষ:ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস : ১৯ জানুৱাৰী :-কোকৰাঝাৰৰ কাৰিগাঁওৰ গৌৰিনগৰত আজি নিশা ৭:৩০ মান বজাত সংঘটিত হোৱা…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!