আচুলহক চৌধুৰীক নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ।
অসম পত্ৰিকা বিশেষ: নলবাৰী: ৮ জানুৱাৰী
আঞ্চলিক দল বাদ দি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা আচুলহক চৌধুৰীক নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে । যোৱা ছয় জানুৱাৰীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক( সংগঠন)বিপূল গগৈ স্বাক্ষৰিত এখন পত্ৰ যোগে চৌধুৰীক উক্ত দায়িত্ব অৰ্পণ কৰে৷উল্লেখ্য যে পূৰ্বে অসম গন পৰিষদৰ সদস্য হিচাবে দলীয় কামকাজ কৰা আচুলহকে বিগত ২০২১ চনত আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰি জিলা পৰ্য্যয়ৰ বিষয়ববীয়া হিচাবে কাৰ্য্যনিৰ্বাহ কৰি থকা সময়তে অলপতে নলবাৰী জিলা কংগ্ৰেছ ভৱনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে৷মংগলবাৰে চৌধুৰীক উক্ত দায়িত্ব দিয়াত দলীয় কৰ্মী সকলক উৎসাহিত হৈ পৰিছে।







