বৰক্ষেত্ৰীৰ অলিয়ে গলিয়ে পৰাগজ্যোতি চৌধুৰী । প্ৰত্যাহ্বান নহয় দলে প্ৰাৰ্থীত্ব দিলে নিৰ্বাচন খেলিবলৈ সাজু যুৱনেতা গৰাকী ।

 

বৰক্ষেত্ৰীৰ অলিয়ে গলিয়ে পৰাগজ্যোতি চৌধুৰী ।

প্ৰত্যাহ্বান নহয় দলে প্ৰাৰ্থীত্ব দিলে নিৰ্বাচন খেলিবলৈ সাজু যুৱনেতা গৰাকী

অসম পত্ৰিকা বিশেষ: ৰাজ্যত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীত্ব প্ৰত্যাসী সকলৰ তৎপৰতা ক্ৰমে বৃদ্ধি পাইছে ৷ তদনুৰূপ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰাও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে পৰাগজ্যোতি চৌধুৰী নামৰ বিজেপিৰ এগৰাকী যুৱ নেতা ৷ বিজেপি ৰাজ্যিক কিষানমৰ্চাৰ ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সদস্য হিচাবে কাৰ্যনিৰ্বাহক কৰা চৌধুৰীয়ে আগন্তুক নিৰ্বাচনক লৈ আৰম্ভ কৰিছে কুচকাৱাজ ৷সমষ্টিটোৰ বৰভাগ অঞ্চলৰ জনপ্ৰিয় নেতা তথা সমাজকৰ্মী হিচাপে এক পৰিচিত নাম পৰাগজ্যোতি চৌধুৰী ৷ দীৰ্ঘদিন ধৰি তেওঁ বৰক্ষেত্ৰীৰ বিভিন্ন সামাজিক কামত জড়িত হৈ আছে৷৷সামাজিক কামত সৰ্বত্ৰে চৰ্চাত থকা চৌধুৰীয়ে আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাসী হিচাবে বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে প্ৰচাৰ অভিযান ক্ৰমে তীব্ৰতৰ কৰি তুলিছে৷ইতিমধ্যে সমষ্টিতোৰ অলিয়ে গলিয়ে বেনাৰ পোষ্টাৰে আগন্তুক ভোগালীৰ শুভেচ্ছা জনাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিলেই নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সম্পুৰ্ণ ৰূপে সাজু যুৱ নেতা গৰাকী। উল্লেখ্য যে সমষ্টিটোৰ অন্তৰ্গত বৰভাগ অঞ্চলৰ ৪৪ নং পূৱউপৰ বৰভাগ দেহাৰকুছি গাওঁ পঞ্চায়তৰ অধীনস্থ সানেকুছি গাৱঁত জন্মগ্ৰহণ কৰা যুৱনেতা গৰাকী জন্মৰে পৰা বানপানীয়ে দিয়া যন্ত্ৰণাত অতিষ্ঠ হৈ ৰাইজে ভোগা দুখকষ্ট দেখি আহিছে৷আনহাতে সমষ্টিতোত ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাৰ প্ৰতিও তেওঁ সদায় সচেতনতা অৱলম্বন কৰা দেখা গৈছে৷ ইফালে যুৱনেতা চৌধুৰীৰ প্ৰাৰ্থীত্বক লৈ ৰাইজৰ মাজত চলিছে সৰৱ চৰ্চা ৷ আশা কৰা ধৰনেৰে বৰক্ষেত্ৰী সমষ্টিৰ বাবে চৌধুৰীৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিলে নিশ্চিতভাবে জয়ী হব বুলি ৰাইজৰ মাজত চলিছে যথেষ্ট গুণাগথা ৷ ইতিমধ্যে তেওঁৰ প্ৰাৰ্থীত্বক লৈ প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰী আৰু বিজেপি ৰাজ্যিক নেতৃত্বৰ ওচৰতো কাষ চাপিব বুলি ৰাইজে জানিব দিয়ে ৷ ইফালে প্ৰাৰ্থীত্ব প্ৰত্যাসী চৌধুৰীয়ে দলৰ লগতে ৰাইজৰ সৰ্বাংগীণ উন্নয়ণ আৰু বিকাশৰ স্বাৰ্থত ৰাজ্যিক নেতৃত্বই তেওঁকে দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি গভীৰ আত্মবিশ্বাসী ।

  • Related Posts

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছ৷ইফালে আকৰ্ষনীয় হৈ পৰিছে ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক কুচকাৱাজ৷ প্ৰতিটো ৰাজনৈতিক দলৰে চলিছে প্ৰাক নিৰ্বাচনী প্ৰচাৰ অভিযান৷কংগ্ৰেছ…

    Continue reading
    আচুলহক চৌধুৰীক নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব৷

    আচুলহক চৌধুৰীক নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব । অসম পত্ৰিকা বিশেষ: নলবাৰী: ৮ জানুৱাৰী আঞ্চলিক দল বাদ দি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা আচুলহক চৌধুৰীক নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ…

    Continue reading

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    গৰমচুং সাৰ্বজনীন শ্রীশ্রীবাসন্তী পূজাৰ প্ৰস্তুতি

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    পশ্চিম বড়িগোগত বৰষুণৰ পানীত ডুবিল ৰাজপথ

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ধেমেচি পঞ্চায়তৰ অন্তগৰ্ত তেলীয়াপথাৰ গাঁৱৰ নিবাসী দুই যুৱতী লিজা বৰগোহাঁই আৰু ডিম্পী ফুকনে National tang soo do Championship ত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত যুৱনেতা নিবাৰণ লহকৰ৷

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।

    মহযুঁজ বগৰী বিক্ৰী কৰিব গৈ নিৰুদ্দেশ মৰিগাঁও এজন যুৱক।
    error: Content is protected !!