মৰিগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত ছাটনগুৰি গাঁৱৰ নিৱাসী ৰবিন দাস (পিতৃ: শ্ৰী চণ্ডিকান্ত দাস) যোৱা ইংৰাজী ১৮ জানুৱাৰী, ২০২৬ তাৰিখৰ পৰা সন্ধানহীন হৈ আছে।প্ৰাপ্ত তথ্যমতে, উক্ত দিনা তেওঁ বৰিবন্ধা অঞ্চলত অনুষ্ঠিত ম’হ যুঁজত বগৰী বিক্ৰী কৰিবলৈ গৈছিল, কিন্তু তাৰ পিছৰে পৰা তেওঁ ঘৰলৈ উভতি অহা নাই। পৰিয়ালৰ লোকে সকলো সম্ভাব্য স্থানত বিচাৰ-খোচৰ কৰিও বৰ্তমানলৈকে তেওঁৰ কোনো সম্ভেদ পোৱা নাই।
ব্যক্তিজনৰ পৰিচয় আৰু ঠিকনা: নাম: ৰবিন দাস
পিতৃৰ নাম: শ্ৰী চণ্ডিকান্ত দাস
গাঁও: ছাটনগুৰি
ডাকঘৰ: কোমোৰাগুৰি
জিলা: মৰিগাঁও (অসম)
পিন নং: ৭৮২১০৫
যদি কোনো সদাশয় ব্যক্তিয়ে চিত্ৰত দেখা যুৱকজনৰ কিবা সম্ভেদ পায়, তেন্তে অনুগ্ৰহ কৰি তলত দিয়া যোগাযোগ নম্বৰত অথবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনোৱা হৈছে।
যোগাযোগৰ নম্বৰ: (60019-70125)






