কোকৰাঝাৰত ভয়ানক কাণ্ড ।নিহত এক , আহত কেবাগৰাকী লোক ।
অসম পত্ৰিকা বিশেষ:ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস : ১৯ জানুৱাৰী :-কোকৰাঝাৰৰ কাৰিগাঁওৰ গৌৰিনগৰত আজি নিশা ৭:৩০ মান বজাত সংঘটিত হোৱা এক দূৰ্ঘটনাক কেন্দ্ৰ কৰি আজি বিস্ফোৰক পৰিস্থিতিৰ উদ্ভৱ হয় । উক্ত ঘটনাত এগৰাকী লোক নিহত হয় । নিহত লোকজনক বগৰীবাৰী ৰূপচীৰ চিকনা জৌহালৌও বিস্মিত বুলি জানিব পৰা গৈছে । আনহাতে ঘটনাত কাৰিগাঁওৰ মহেশ মুৰ্মু ,সুনীল মুৰ্মু আৰু অণ্ঠাইগৌলাওৰ যুগিৰাজ ব্ৰহ্ম গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । কোকৰাঝাৰ মেডিকেল কলেজত ৪ জনকৈ আহতক ভৰ্তি কৰোৱা হৈছে আৰু ঘটনাস্থলীত এখন স্কৰপিঅ’ বাহন জ্বলাই দিছে ।
ইপিনে ঘটনাৰ খবৰ পোৱাৰ পিছত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী কোকৰাঝাৰ মেডিকেল কলেজ হস্পিতালত উপস্থিত হয় আহতৰ বুজ লয় । মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি আহতৰ আশু আৰোগ্য কামনা কৰে । বিধায়ক লৰেন্স ইছলাৰীয়ে সদৰি কৰা মতে এটা দূৰ্ঘটনাক কেন্দ্ৰ কৰি উক্ত ঘটনাটো সংঘটিত হোৱাৰ আশাংকা প্ৰকাশ কৰা হৈছে। আওডাং বজাৰ যোৱা ৰাস্তাটো নিৰ্মানৰ বাবে ঠিকা বাৰোন্দা বসুমতাৰী নামৰ ঠিকাদাৰজনে লাভ কৰিছিল । সেইসূত্ৰে ঠিকাদাৰ গৰাকীৰ জোঁৱাই চিকনা জৌহালাও বিস্মিত সহ আন কেবাগৰাকীয়ে ঠিকাদাৰগৰাকীৰ পৰা সামগ্ৰী লৈ আহোতে গৌৰনগৰত এক পথ দূৰ্ঘটনা সংঘটিত হয় । উক্ত দূৰ্ঘটনাত দুগৰাকী লোক আহত হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু স্কৰপিঅ’ বাহনখনলৈ শিলগুটি নিক্ষেপ কৰে । বাহনখন বাগৰি পৰাৰ পিছত বাহনত থকা আৰোহী সকলক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু আৰু বাহনখন জ্বলাই দিয়ে । বাতৰি লিখা পৰলৈ পৰিস্থিতি উত্তপ্ত হৈ আছে। উক্ত ঘটনাত দুখ প্ৰকাশ কৰি বিধায়ক লৰেন্স ইছলাৰীয়ে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে আৰু তদন্ত মৰ্মে দোষীৰ শাস্তিৰ পোষকতা কৰিছে ।







